29 Jul 2021

Assam GK 1

 ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত?

উ÷নীলাচল পাহাৰত ।

২) কিমান চনত অসমৰ ৰাজধানী শ্বিলং ৰ পৰা দিশপুৰলৈ স্থানান্তৰ কৰা হয়?

উ÷১৯৭৩ চনত ।

৩) কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল?

উ÷১৯১৭ চনত ।

৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?

উ÷শিৱসাগৰত ।

৫) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

উ÷পদ্মনাথ গোহাঞি বৰুৱা ।

৬) অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উ÷৬ খন ।

৭) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুয়ে কোন দুখন ঠাইক সংলগ্ন কৰিছে?

উ÷পঞ্চৰত্ন আৰু যোগীঘোপা ।

৮) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উ÷লোকপ্ৰিয় গোপীনাথ বৰদলৈ ।

৯) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উ÷১৪৪৯ চনত ।

১০) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল?

উ÷১৪৮৯ চনত ।