29 Jul 2021

Assam GK 16

 ১)কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?

উ:- পামিৰ মালভূমি ।


২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি?

উ:- গ্ৰীণলেণ্ড ।


৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি?

উ:-আমাজান ।


৪) অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?

উ:- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।


৫) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?

উ:- ৫১ খন ।


৬) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল?

উ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰ 


৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি? 

উ:- এণ্ডিছ ।


৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?

উ:- হিমালয় ।


৯)কোন খন দেশক 'Battle ground of Europe' বুলি কোৱা হয়?

উ:- বেলজিয়াম ।


১০)Mount Etna, এটা সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?

উ:- ইটালী ।