29 Jul 2021

Assam GK 17

 ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত?

উ÷নীলাচল পাহাৰত ।🟢


২) কিমান চনত অসমৰ ৰাজধানী শ্বিলং ৰ পৰা দিশপুৰলৈ স্থানান্তৰ কৰা হয়?

উ÷১৯৭৩ চনত ।🟢


৩) কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল?

উ÷১৯১৭ চনত ।🟢


৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?

উ÷শিৱসাগৰত ।🟢


৫) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

উ÷পদ্মনাথ গোহাঞি বৰুৱা ।🟢


৬) অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উ÷7খন ।🟢


৭) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুয়ে কোন দুখন ঠাইক সংলগ্ন কৰিছে?

উ÷পঞ্চৰত্ন আৰু যোগীঘোপা ।🟢


৮) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উ÷লোকপ্ৰিয় গোপীনাথ বৰদলৈ ।🟢


৯) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উ÷১৪৪৯ চনত ।🟢


১০) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল?

উ÷১৪৮৯ চনত ।🟢


১১) প্ৰথম অসমীয়া বোলছবি"জয়মতী" কেতিয়া মুক্তি লাভ কৰিছিল?

উ÷১৯৩৫ চনৰ ১০ মাৰ্চ ।🟢


১২) প্ৰথম অসমীয়া বোলছবি জয়মতী ৰ পৰিচালক কোন আছিল?

উ÷ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।🟢


১৩)অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়?

উ÷৩ চেপ্তেম্বৰ ।🟢


১৪)অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়?

উ÷ভোগেশ্বৰ বৰুৱা ।🟢


১৫)ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল?

উ÷ ১৯৬৬ চনত ।🟢


১৬) আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল?

উ÷পুৰন্দৰ সিংহ ।🟢


১৭) কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল?

উ÷১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ।🟢


১৮) অসমৰ জাতীয় সংগীত"অ মোৰ আপোনাৰ দেশ' প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল?

উ÷বাহী ।🟢


১৯) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন?

উ÷বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য  ।🟢


২০)  সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন?

উ÷যতীন্দ্ৰ নাথ দুৱৰা ।🟢


২১)কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউয়েন চাং অসম (কামৰূপ)লৈ আহিছিল?

উ÷ভাস্কৰ বৰ্মন ।🟢


২২) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উ÷স্বৰ্গদেউ চাওলুং চুকাফা(১২২৮ খ্ৰীষ্টাব্দ) ।🟢


২৩) কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল?

উ÷১২৫৩ চনত ।🟢


২৪) শৰাই ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উ÷আহোম আৰু মোগলৰ মাজত (১৬৭১ চন) ।🟢


২৫) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?

উ÷উদয়াদিত্য সিংহ ।🟢


২৬) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল?

উ÷লাচিত বৰফুকন ।🟢


২৭) শৰাই ঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?

উ÷ৰামসিংহ ।🟢


২৮) মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল?

উ÷১৯২১ চনত ।🟢


২৯) প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি?

উ÷বনফুল(যতীন্দ্ৰ নাথ দুৱৰা) ।🟢


৩০) প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি?

উ÷মৃতুঞ্জয়(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ।🟢


৩১) প্ৰথম অসমীয়া স্নাতক কোন?

উ÷আনন্দৰাম বৰুৱা।🟢


৩২) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা খন কি?

উ÷কাৰ্বি আংলং ।🟢


৩৩) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলা খন কি?

উ÷দক্ষিণ শালমৰা আৰু মানকাচৰ ।🟢


৩৪) বৰ্তমান অসমত মুঠ কেইখন জিলা আছে?

উ÷৩৪ খন ।🟢


৩৫) ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল?

উ÷২০০৭ চনত ।🟢


৩৬)গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷কাৰ্বি আংলং ।🟢


৩৭)গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷যোৰহাট ।🟢


৩৮) সোনালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি?

উ÷চক্ৰশিলা ।🟢


৩৯) গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উ÷১৯৭০ চনত ।🟢


৪০) অসমৰ কোনখন চহৰক Manchester of Assam বুলি কোৱা হয়?

উ÷শুৱালকুছি ।🟢


৪১) এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত?

উ÷জাগীৰোড ।🟢


৪২) গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল?

উ÷১৯৪৮ চনত ।🟢


৪৩) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উ÷কৃষ্ণকান্ত সন্দিকৈ ।🟢


৪৪) অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান?

উ÷১৪   ।🟢


৪৫) অসমৰ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?

উ÷৭     ।🟢


৪৬) লক্ষ্মীনাথ বেজবৰুৱাক কোনে "ৰসৰাজ" উপাধি প্ৰদান কৰিছিল?

উ÷অসম সাহিত্য সভা(১৯৩১) ।🟢


৪৭) অসমীয়া চলচ্চিত্ৰ"হালধীয়া চৰায়ে বাওধান খায়"কোনে পৰিচালনা কৰিছিল?

উ÷জাহ্নু বৰুৱা ।🟢


৪৮) ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?

উ÷২.৩৯%  ।🟢


৪৯) শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীত সমূহ কি ভাষাত লিখা হৈছিল?

উ÷ব্ৰজাৱলী  ।🟢


৫০) পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল?

উ÷১৮৯৪ চনৰ ২৮ জানুৱাৰীত ।🟢


৫১)স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?

উ÷তৰুণৰাম ফুকন ।🟢


৫২) আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উ÷১২২৮ খ্ৰীষ্টাব্দত ।🟢


৫৩) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উ÷স্বৰ্গদেউ চাওলুং চুকাফা ।🟢


৫৪) অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল?

উ÷যোৰহাট ।🟢

৫৫) স্বাধীনতা আন্দোলনৰ সময়ত কোনে "মৃত্যু বাহিনী" গঠন কৰিছিল?

উ÷পুষ্পলতা দাস ।🟢


৫৬)কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?

উ÷প্ৰমত্ত সিংহ ।🟢


৫৭)"অসমীয়া সাহিত্যৰ বুৰঞ্জী" ৰ লেখক কোন?

উ÷দেৱেন্দ্ৰনাথ বেজবৰুৱা ।🟢


৫৮)কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল?

উ÷গোমধৰ কোঁৱৰ ।🟢


৫৯)"India against Itself"গ্ৰন্থখনৰ লেখক কোন?

উ÷ড'সঞ্জীৱ বৰুৱা ।🟢


৬০)কোন খন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান( বৰ্তমান বাংলাদেশ)ৰ লগত চামিল কৰা হৈছিল?

উ÷ছিলেট ।🟢


৬১) কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল?

উ÷ভাৰত ত্যাগ আন্দোলন ।🟢


৬২) পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত?

উ÷ভাৰত আৰু ম্যানমাৰ ।🟢


৬৩) অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?

উ÷ পঞ্চতীৰ্থ হাজো ।🟢


৬৪) আহোম সকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল?

উ÷চৰাইদেউ ।🟢


৬৫) আহোম সকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত?

উ÷যোৰহাট ।🟢


৬৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?

উ÷৪৩০ বৰ্গকিলোমিটাৰ ।🟢


৬৭) অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে?

উ÷কাৰ্বি আংলং ।🟢


৬৮) পানী দিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷শিৱসাগৰ ।🟢


৬৯)ড'ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?

উ÷১৯৯২ চনত ।🟢


৭০)মে-ডাম-মে-ফী কেতিয়া পালন কৰা হয়?

উ÷৩১ জানুৱাৰী ।🟢


৭১) অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?

উ÷১ অক্টোবৰ ।🟢


৭২)বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?

উ÷১৯৫২ চনত ।🟢


৭৩) অসমীয়া বোলছবি"শুকুন্তলা" কোনে পৰিচালনা কৰিছিল?

উ÷ড'ভূপেন হাজৰিকা ।🟢


৭৪) জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি?

উ÷ইন্দ্ৰমালতী ।🟢


৭৫)"ইন্দ্ৰমালতী" কিমান চনত মুক্তি লাভ কৰিছিল?

উ÷১৯৩৯ চনত ।🟢


৭৬) লাচিত দিৱস কেতিয়া পালন কৰা হয়?

উ÷২৪ নৱেম্বৰ ।🟢


৭৭)অসম দিৱস কেতিয়া পালন কৰা হয়?

উ÷২ ডিচেম্বৰ ।🟢


৭৮) অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে?

উ÷বৰপেটা, নলবাৰী আৰু কামৰূপ ।🟢


৭৯)পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?

উ÷মাধৱ কন্দলী ।🟢


৮০) পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?

উ÷ৰাম সৰস্বতী ।🟢


৮১) ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি?

উ÷মিৰি-জিয়ৰী ।🟢


৮২) ভক্তি-ৰত্নাৱলী কোনে ৰচনা কৰিছিল?

উ÷শ্ৰী শ্ৰীমাধৱদেৱ ।🟢


৮৩) শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উ÷কীৰ্তনঘোষা ।🟢


৮৪) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উ÷নামঘোষা ।🟢


৮৫) অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত?

উ÷ গোৱালপাৰা জিলাৰ মৰনৈ ।🟢


৮৬) অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল?

উ÷যোৰহাট ।🟢


৮৭) অসমৰ"College of Fisheries Science" ক'ত অৱস্থিত?

উ÷ৰহা ।🟢


৮৮)ঢলা-শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?

উ÷লোহিত ।🟢


৮৯) "বিহু সম্ৰাট" বুলি কোনজন ব্যক্তিক জনা যায়?

উ÷খগেন মহন্ত ।🟢


৯০) অসমৰ কোনখন ঠাইক সত্ৰ-নগৰী হিচাপে জনা যায়?

উ÷বৰপেটা ।🟢


৯১) অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলিও জনা যায়?

উ÷হাফলং ।🟢


৯২) অসমৰ কোনখন চহৰক"The Cultural Capital of Assam" বুলি কোৱা হয়?

উ÷ যোৰহাট ।🟢


৯৩) অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয় খনৰ নাম কি?

উ÷জগন্নাথ বৰুৱা কলেজ, যোৰহাট ।🟢


৯৪) কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে?

উ÷২০১৬ চনৰ ৮ ছেপ্টেম্বৰ ।🟢


৯৫) অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে?

উ÷মাজুলী ।🟢


৯৬)UNESCO ৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Site) হিচাপে স্বীকৃতি দিয়া হৈছে?

উ÷১৯৮৫ চনত ।🟢


৯৭) কিমান চনত BTC গঠন হৈছিল?

উ÷২০০৩ চনত ।🟢


৯৮) নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷ কাৰ্বি আংলং ।🟢


৯৯) শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল?

উ÷১৫৬৮ চনত ।🟢


১০০)শ্ৰী শ্ৰীমাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? 

উ÷ ১৫৯৬ চনত ।🟢


১০১) ইটাখুলিৰ ৰণ কেতিয়া হৈছিল?

উ÷১৬৮২ চনত ।🟢