29 Jul 2021

Assam GK 7

 ১) পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত?

উ÷ভাৰত আৰু ম্যানমাৰ ।

২) অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?

উ÷ পঞ্চতীৰ্থ হাজো ।

৩) আহোম সকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল?

উ÷চৰাইদেউ ।

৪) আহোম সকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত?

উ÷যোৰহাট ।

৫) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?

উ÷৪৩০ বৰ্গকিলোমিটাৰ ।

৬) অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে?

উ÷কাৰ্বি আংলং ।

৭) পানী দিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?

উ÷শিৱসাগৰ ।

৮)ড'ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?

উ÷১৯৯২ চনত ।

৯)মে-ডাম-মে-ফী কেতিয়া পালন কৰা হয়?

উ÷৩১ জানুৱাৰী ।

১০) অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?

উ÷১ অক্টোবৰ ।