28 Jul 2021

Geography part 1

 1. পৃথিৱীৰ উপৰিভাগৰ লিথ'স্কিয়েৰত থকা মুঠ মুখ্য প্লেট বা ফলকৰ সংখ্যা কিমান ?
উত্তৰ :- 6 খন।

2. লিম'স্কিয়েৰত থকা মুঠ কেইখন গৌণ প্লেট বা ফলক বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে ?
উত্তৰ :- 20 খন।

3. কাৰ্যক্ষমতা অনুসাৰে জালামুখী প্ৰধানত কেই প্ৰকাৰৰ ?
উত্তৰ :- তিনি প্ৰকাৰৰ।

4. ফুজিয়ামা কি ?
উত্তৰ :- এক সুপ্ত আগ্নেয়গিৰি।

5. ছিমা স্তৰটো ঘাইকৈ কিহেৰে গঠিত ?
উত্তৰ :- ছিলিকন আৰু মেগনেছিয়ামেৰে গঠিত।

6. পৃথিৱীৰ উৎপত্তিৰ সময়তে সৃষ্টি হোৱা শিলাবিধৰ নাম কি ?
উত্তৰ :- আগ্নেয় শিলা।

7. গেদীয় শিলাৰ আন এক নাম কি ?
উত্তৰ :- স্তৰীভূত শিলা।

8. ছিয়াল স্তৰটো ক'ত উপঙি আছে ?
উত্তৰ :- ছিমা স্তৰত।

9.তলৰ কোনবিধ ভূকম্পন তৰংগ আটাইতকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে ?
উত্তৰ :- L-তৰংগ।

10. বায়ুমণ্ডল গঠন হোৱা প্ৰধান গেছীয় উপাদান কি ?
উত্তৰ :- নাইট্ৰ'জেন।