28 Jul 2021

Geography part 4

 31. তাপ্তী নদীৰ উৎসস্থল কি ?
উত্তৰ :- মহাদেৱ পৰ্বত।

32. ভাৰতৰ মুঠ নিমখ উৎপাদনৰ আধাতকৈও বেছি নিমখ সৌৰাষ্ট্ৰ-গুজৰাট অঞ্চলৰ উৎপাদন কিয় হয় ?
উত্তৰ :- কাৰণ এই অঞ্চলৰ সাগৰৰ পানী অধিক লুণীয়া।

33. ৰাজস্থানৰ সৰ্ববৃহৎ হ্ৰদটোৰ নাম কি ?
উত্তৰ :- সম্বৰ।

34. ভাৰতৰ অধীনত থকা সৰ্বমুঠ দ্বীপৰ সংখ্যা কিমান ?
উত্তৰ :- 537 টা।

35. আয়তন অনুসাৰে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম লিখা।
উত্তৰ :- ৰাজস্থান।

36. দণ্ডকাৰণ‍্য ক'ত অৱস্থিত ?
উত্তৰ :- মধ‍্যভাৰতত অৱস্থিত।

37. ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান % চহৰত বাস কৰে ?
উত্তৰ :- 27%.

38. কৃষ্ণৰাজা সাগৰ ক'ত অৱস্থিত ?
উত্তৰ :- মহীশূৰত অৱস্থিত।

39. ভাৰতৰ ক'লা মাটি অঞ্চল কি কৃষিৰ বাবে বিখ্যাত ?
উত্তৰ :- কপাহ খেতিৰ বাবে বিখ্যাত।

40. ভাৰতৰ সৰ্বাধিক মেংগানিজ উৎপাদনকাৰী ৰাজ্য খনৰ নাম কি ?
উত্তৰ :-উৰিষ‍্যা।