30 Jul 2021

Geography part 6

 51. পৃথিৱীৰ অন্তৰ্ভাগৰ আটাইতকৈ গধূৰ স্তৰটো কি ?
উত্তৰ :- চিমা।

52. মহাসাগৰৰ জলাধাৰৰ তলৰ ভূ-স্তৰ প্ৰধানতঃ কি শিলেৰে গঠিত ?
উত্তৰ :- বেছাল্ট শিলেৰে গঠিত।

53. পৃথিৱীৰ নৱতম পৰ্বতমালা কি ?
উত্তৰ :- হিমালয় আৰু আল্পছ পৰ্বতমালা।

54. ভূমিকম্প হোৱাৰ কাৰণ কি ?
উত্তৰ :- ভূ-গৰ্ভস্থ শৈল ফলকৰ বিচ‍্যুতি।

55. পৃথিৱীৰ দীৰ্ঘতম নদীখন কি ?
উত্তৰ :- নীল নদী।

56. S আকৃতিৰ মহাসাগৰ খনৰ নাম লিখা।
উত্তৰ :- আটলান্টিক মহাসাগৰ।

57. এবিধ জৈৱ শিলৰ নাম লিখা।
উত্তৰ :- চূনশিল।

58. মাৰ্বল কোন শ্ৰেণীৰ শিল ?
উত্তৰ :- ৰূপান্তৰিত শিল।

59. পৃথিৱীৰ পৰিভ্ৰমণৰ বাবে হোৱা এটা পৰিঘটনাৰ নাম লিখা।
উত্তৰ :- ঋতুৰ পৰিৱৰ্তন।

60. মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান ?
উত্তৰ :- 8,848 মিটাৰ।