24 Jul 2021

polity part 10

 ৮১. কোনটো ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ নহয়---
       (a) সাধাৰণ পৰিষদ, (b) বিশ্ব স্বাস্থ্য সংস্থা ,(c) খাদ্য আৰু কৃষি সংস্থা, (d) আন্তৰ্জাতিক মুদ্ৰানিধি।
উত্তৰ :-  (a) সাধাৰণ পৰিষদ।

৮২. ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদটো সংশোধনী প্ৰক্ৰিয়াৰ লগত জড়িত ?
উত্তৰ :- 368 নম্বৰ অনুচ্ছেদটো।

৮৩. ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ :- 1885 চনত।

৮৪. তলত দিয়া কোনটো ৰাজনৈতিক দলৰ কাৰ্য নহয় -------
        (a) জনমত গঠন কৰা, (b) নিৰ্বাচনত অংশ গ্ৰহণ কৰা, (c) ৰাজনৈতিক চেতনা জাগ্ৰত কৰা, (d) সমাজবাদ প্ৰতিষ্ঠা কৰা।
উত্তৰ :-  (d)সমাজবাদ প্ৰতিষ্ঠা কৰা।

৮৫. ' যি কৰ্তব্য পালন নকৰে, তেওঁ অধিকাৰো ভোগ কৰিব নোৱাৰে ' উক্তিটো কাৰ আছিল ?
উত্তৰ :- লাস্কিৰ আছিল।

৮৬.তলৰ কোনটো ৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয়-----
     (a) স্বীকৃতি, (b) সাৰ্বভৌমত্ব, (c) জনসংস‍্যা, (d)চৰকাৰ।
উত্তৰ :-  (a) স্বীকৃতি।

৮৭. ৰাজ্যসভাৰ সদস‍্য হ'বলৈ বয়সৰ নিম্নতম সীমা কিমান হ'ব লাগে ?
উত্তৰ :- 30 বছৰ।

৮৮. চৰকাৰ হ'ল এটা------
     (a) সাংস্কৃতিক অনুষ্ঠান, (b) অৰ্থনৈতিক অনুষ্ঠান, (c) ৰাজনৈতিক অনুষ্ঠান, (d) সামাজিক অনুষ্ঠান।
উত্তৰ :- (c) ৰাজনৈতিক অনুষ্ঠান।

৮৯. কোনজন গ্ৰীক দাৰ্শনিকে জ্ঞানৰ সাৰ্বভৌমত্বৰ ওপৰত অধিক গুৰুত্ব দিছিল ?
উত্তৰ :- ছক্ৰেটিছে।

৯০. ভাৰতীয় সংবিধানৰ সমবৰ্তী সূচীত কিমানটা বিষয় সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ :- 47 টা বিষয়।