25 Jul 2021

polity part 11

 ৯১. কোনজন দাৰ্শনিকে গণতন্ত্ৰক উত্তম চৰকাৰ বুলি বিবেচনা কৰা নাছিল ?
উত্তৰ :-  এৰিষ্টটলে।

৯২. আমাৰ ভাৰতত কমিউনিষ্ট পাৰ্টি কিমান চনত গঠন কৰা হৈছিল ?
উত্তৰ :- 1924 চনত।

৯৩. তলৰ কোনটো গণতন্ত্ৰৰ আসোঁৱাহ নহয়-----
     (a) দলীয় একনায়কত্ববাদ, (b) জাতীয় ঐক‍্য‍ৰ বিৰোধী, (c) সংখ্যাৰ ওপৰত গুৰুত্ব, (c) ধনী শ্ৰেণীৰ চৰকাৰ।
উত্তৰ :- (c) সংখ‍্যাৰ ওপৰত গুৰুত্ব।

৯৪. তলৰ কোনখন উচ্চতম ন্যায়ালয়ৰ লেখ নহয়-
     (a) বন্দী প্রত্যক্ষীকৰণ, (b) পৰমাধিদেশ, (c) আপীলমূলক অধিকাৰ ক্ষেত্ৰ, (d) পদচ্যুতি পত্ৰ।
উত্তৰ :- (d) পদচ‍্যুতি পত্ৰ।

৯৫. ভাৰতত সংবিধান স্বীকৃতি ভাষাৰ সংখ‍্যা কিমান টা ?
উত্তৰ :- 22 টা।

৯৬. ' সত‍্যমেৱ জয়তে ' এই কথাষাৰ ক'ৰ পৰা লোৱা হৈছে ?
উত্তৰ :- মুণ্ডক উপনিষদৰ পৰা।

৯৭. তলৰ কোনটো যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য নহয় -----
       (a) লিখিত সংবিধান, (b) উচ্চ ন‍্যায়ালয়, (c) ক্ষমতাৰ বিভাজন, (d) দুইধৰণৰ চৰকাৰ।
উত্তৰ :-  (b) উচ্চ ন‍্যায়ালয়।

৯৮. ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মাজত যোগসূত্ৰকাৰীজন কোন ?
উত্তৰ :- প্ৰধানমন্ত্ৰী।

৯৯. সমাজ আৰু ব‍্যক্তিৰ সম্বন্ধ ওতঃপ্ৰোতভাৱে জড়িত, এই উক্তিটো কাৰ আছিল ?
উত্তৰ :- এৰিষ্ট'টলৰ।

১০০. 'কল‍্যাণকামী ৰাজ্য ' ধাৰণাটো ভাৰতৰ সংবিধানত ক'ৰ পৰা অন্তৰ্ভূক্ত হৈছে ?
উত্তৰ :- নিৰ্দেশাত্মক নীতিৰ পৰা।