14 Jul 2021

Indian Polity Important Questions - Part 1

১. সংসদীয় চৰকাৰ প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম কি?
উত্তৰ :- গ্ৰেটব্ৰিটেইন।

২. অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কেতিয়া কৰিছিল?
উত্তৰ‌‌‌‍ :-1956 চনত।

৩. ভাৰতীয় জনতা দলৰ সৃষ্টি কেতিয়া হৈছিল?
উত্তৰ :-1980 চনত ।

৪. গণতন্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটো কি?
উত্তৰ :-স্থানীয় প্ৰশাসন।

৫. 'দি প্ৰিন্স' নামৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ :- মেকিয়াভেলি।

৬.কিমান চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল?
উত্তৰ :-1954 চনত।

৭. ' ৰাষ্ট্ৰ সংঘ দিবস' কিমান তাৰিখে পালন কৰা হয়?
উত্তৰ :- 24 অক্টোবৰ তাৰিখে।

৮. নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান জন?
উত্তৰ :-7 জন।

৯. সাম‍্যবাদ হিংসা নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত এই উক্তিটো কাৰ আছিল?
উত্তৰ :- গান্ধীৰ।

১০. ভাৰতীয় সংসদে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে?
উত্তৰ :- 368 নং অনুচ্ছেদ অনুসৰি।