25 Jul 2021

science part 3

 21. কিহৰ ফলত সাগৰৰ পানীপৃষ্ঠ বাঢ়িছে ?
উত্তৰ :- গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত।

22. চি এন জি মানে কি ?
উত্তৰ :- কমপ্ৰেছড নেচাৰেল গেছ।

23. শব্দ প্ৰদূষণৰ ফলত মানুহৰ হৃদৰোগ------
     (a) হয়, (b) নহয়।
উত্তৰ :- (a) হয়।

24. ভাৰতে 'নইজ পলুচন ৰুলছ ' কোন চনত গ্ৰহণ কৰিছে ?
উত্তৰ :- 2000 চনত।

25. দ্বিতীয় মহাযুদ্ধত কোন দেশে জাপানত পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল ?
উত্তৰ :- আমেৰিকাই।

26. পাৰমাণৱিক প্ৰদূষণে অনা ভয়াৱহ বিপদটো কি ?
উত্তৰ :- বংশগতভাৱে পংগুত্বৰ সৃষ্টি।

27. তেজস্ক্ৰিয় আৱৰ্জনা কাক বোলে ?
উত্তৰ :- পাৰমাণৱিক কাৰ্যকলাপৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাক তেজস্ক্ৰিয় আৱৰ্জনা বোলে।

28. পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে লগা মৌলবিধৰ নাম কি ?
উত্তৰ :- ইউৰেনিয়াম।

29. চাৰ্ন'বিল পাৰমাণৱিক দুৰ্ঘটনা কিমান চনত সংঘটিত হৈছিল ?
উত্তৰ :- 1986 চনত।

30. বিশ্ব পৰিৱেশৰ পৰিৱৰ্তনৰ লগত জৈৱ পৰিৱৰ্তনৰ সম্পৰ্ক নাই----
     (a) শুদ্ধ, (b) অশুদ্ধ।
উত্তৰ :- (b) অশুদ্ধ।