26 Jul 2021

science part 4

 31. কোনটো যুগত বিশ্ব পৰিৱেশৰ ক্ষিপ্ৰ পৰিৱৰ্তন হৈছে ?
উত্তৰ :- আধুনিক যুগত।

32.পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হোৱা তত্ত্বটো আৱিষ্কাৰ কৰি বিখ‍্যাত হোৱা বিজ্ঞানীজনৰ নাম কি ?
উত্তৰ :- আইনষ্টাইন।

33.  ' কৃষ্ণগহ্বৰ আৰু মহানাদ ' নামৰ সৃষ্টতত্ত্বৰ আৱিস্কাৰকজন কোন ?
উত্তৰ :- ষ্টিফেন হকিং।

34. সপুষ্পক উদ্ভিদ আৰু অপুষ্পক উদ্ভিদৰ ভিতৰত কোনবিধ উদ্ভদে পিছত বিকাশ লাভ কৰিছিল ?
উত্তৰ :- সপুষ্পক উদ্ভিদে।

35. গণ্ডয়ানা লেণ্ড কি ?
উত্তৰ :- দূৰ অতীতত একেলগে থকা কেইবাখনো মহাদেশৰ সমষ্টি।

36. কাৰ্বনিফেৰাছ যুগৰ আৰম্ভণিতে পৃথিৱীৰ মহাদেশ কেইখন আছিল ?
উত্তৰ :- তিনিখন।

37. ডাইন'ছ'ৰ নামৰ জন্তুবিধ পৃথিৱীত কোন যুগত বিকশিত হৈছিল ?
উত্তৰ :- জুৰাছিক যুগত।

38. ডাইন'ছ'ৰৰ  'মিছিং লিংক'ৰূপে পৃথিৱীত ৰৈ যোৱা জীৱটোৰ নাম কি ?
উত্তৰ :- গঁড়। (গঁড়ৰ আন এক নাম ৰাইন'ছ'ৰাছ)।

39.ঔদ্যোগিক সভ‍্যতা আৰম্ভ হোৱাৰ আগতে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা এক ডিগ্ৰী ছেলছিয়াছ বাঢ়িবলৈ কিমান সময় লাগিছিল ?
উত্তৰ :- 300 বছৰ।

40. বৰ্তমান পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা 10 ছেঃ বাঢ়িবলৈ কিমান সময় লাগে ?
উত্তৰ :- 7 বছৰ।