26 Jul 2021

science part 6

 51. সেউজীয়া উদ্ভিদৰ পুষ্টি কেনেকুৱা ?
উত্তৰ :- স্বপোষিত।

52. কাৰ্ব'হাইড্ৰেট কি দ্ৰব‍্য ?
উত্তৰ :- শক্তি উৎপাদনকাৰী দ্ৰব্য।

53.  বিপাক কাৰ্য নিয়ন্ত্ৰিত কৰা পুষ্টিদ্ৰব্য বিধ কি ?
উত্তৰ :- ভিটামিন।

54. কোনবিধ একক শৰ্কৰা---
     (a) গ্লুক'জ, (b) চুক্ৰ'জ, (c) মাল্ট'জ, (d) ফ্ৰুক্ট'জ।
উত্তৰ :-  (a)গ্লুক'জ।

55. এবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰাৰ নাম লিখা।
উত্তৰ :- গেলেক্ট'জ।

56.  আমাৰ দেহত এণ্টিবডি গঠন কৰা যৌগ বিধৰ নাম কি ?
উত্তৰ :- প্ৰটিন।

57. নখ আৰু চুলিত থকা প্ৰটিন যৌগটোৰ নাম কি?
উত্তৰ :- কেৰাটিন।

58. দাঁত আৰু অস্থিৰ গঠনত কোনটো মৌলৰ প্ৰয়োজন ?
উত্তৰ :- কেলছিয়াম।

59.  আন্ত্ৰিক ৰসত থকা পাচক উৎসেচক এবিধৰ নাম লিখা।
উত্তৰ :- ট্ৰিপছিন।

60. মানুহৰ দেহত আটাইতকৈ দীৰ্ঘতম কোষ কি ?
উত্তৰ :- স্নায়ুকোষ।