28 Jul 2021

science part 9

81. এটা বস্তুৰ আধান আছে নে নাই পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি ?
উত্তৰ :- বিদ‍্যুৎ বীক্ষণ যন্ত্ৰ।

82. আহিত বস্তুৰ পৰা পৃথিৱীলৈ আধান প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটোক কি বোলা ?
উত্তৰ :- ভূমি সংযোগ‌।

83. এখন সমতল দাপোনৰ সন্মুখত থোৱা বস্তু এটাৰ কেইটা প্ৰতিবিম্ব সৃষ্টি হয় ?
উত্তৰ :- এটা।

84. তলৰ কোনটোৰ পৰা বগা পোহৰ ওলায় ?
     (a) জুই, (b) লেজাৰ (c) টিউব লাইট, (d) সূৰ্যৰ পোহৰ।
উত্তৰ :- (a) সূৰ্যৰ পোহৰ।

85. বিচ্ছুৰণ প্ৰদৰ্শন কৰা এক প্ৰাকৃতিক পৰিঘটনাৰ নাম লিখা।
উত্তৰ :- ৰামধেনু।

86. চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে ?
উত্তৰ :- আইৰিছে।

87. উজ্জ্বল পোহৰৰ প্ৰতি সংবেদনশীল স্নায়ুকোষ কি ?
উত্তৰ :- শংকু।

88. কোনো প্ৰতিবিম্বৰ সাঁচ অক্ষিপটত প্ৰায় কিমান ছেকেণ্ড পৰ্যন্ত থাকে ?
উত্তৰ :- 1/16 ছেকেণ্ড পৰ্যন্ত থাকে।

89. মানুহৰ ক্ষেত্ৰত কিহৰ কম্পন হ'লে শব্দ সৃষ্টি হয় ?
উত্তৰ:- স্বৰতন্ত্ৰী ৰ কম্পন হ'লে।

90. কম্পনৰ কম্পনাংক অধিক হ'লে উৎপন্ন হোৱা শব্দৰ তীক্ষ্ণতা কি হ'ব ?
উত্তৰ :- কম।