শ্ৰীমন্ত শংকৰদেৱ
জন্ম-মৃত্যু:
- ১৪৪৯ খৃষ্টাব্দত আহিন মাহৰ শুক্ল দশমী তিথিত বৰদোৱাৰ অলিপুখুৰী গাওঁত এইজনা মহাপুৰুষৰ জন্ম হয় ।
- এই গৰাকী মহান ব্যক্তিৰ পিতা আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ আছিলে সত্যসন্ধা ।
- শৈশৱতে তেওঁ পিতৃ - মাতৃক হেৰুওৱাত বুঢ়ী মাক খেৰসূতিৰ আদৰ -যত্নেৰে ললিত-পালিত হৈ ধূলি - ধেমালিৰ আনন্দ - মধুৰ দিনবোৰ লগৰীয়াৰ লগত অতিবাহিত কৰিছিল
- মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল
- ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।
শঙ্কৰদেৱৰ সাহিত্য
শঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনে:
কাব্য:
- হৰিশ্চন্দ্ৰ উপাখ্যান
- অজামিল উপাখ্যান
- ৰুক্মিণী হৰণ কাব্য
- বলিছলন
- অমৃত মন্থন
- গজেন্দ্ৰ উপাখ্যান
- কুৰুক্ষেত্ৰ
- গোপী-উদ্ধৱ সংবাদ
- কৃষ্ণ প্ৰয়াণ - পাণ্ডব নিৰ্বাৰণ
ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ
- ভক্তি প্ৰদীপ
- ভক্তি ৰত্নাকৰ (সংস্কৃতত ৰচিত)
- নিমি-নৱসিদ্ধ সংবাদ
- অনাদি পাতন
অনুবাদমূলক গ্ৰন্থ
- ভাগৱত প্ৰথম, দ্বিতীয়
- দশম স্কন্ধৰ আদিছোৱা
- দ্বাদশ স্কন্ধ
- ৰামায়ণৰ উত্তৰা কাণ্ড
অঙ্কীয়া নাট
- পত্নীপ্ৰসাদ
- কালিয়দমন
- কেলি গোপাল
- পাৰিজাত হৰণ
- ৰুক্মিণী হৰণ
- ৰাম বিজয়
ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত কালিয়দমন নাট ৰচনা কৰা হৈছিল
কালি হ্ৰদত কালি নামৰ নাগে বাস কৰাৰ ফলত হ্ৰদৰ পানী বিষাক্ত হৈ পৰে
এদিন এই বিষাক্ত পানী সেৱন কৰাৰ ফলত গোপবালক সকল অচেতন হৈ মৃত্যুমুখত পৰে
কৃষ্ণই নিজৰ ঐশ্বৰিক শক্তিৰে কালি নাগক পৰাস্ত কৰি সেই হ্ৰদ এৰি যাবলৈ বাধ্য কৰে আৰু সকল
গোপবালককে জীৱন দান দিয়ে। এই কাহিনীভাগকেই ইয়াত অংকন কৰা হৈছে।
কেলিগোপাল
- কেলিগোপাল নাটখন ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল
- শৰতৰ ৰাতি কৃষ্ণৰ বাঁহীৰ সুৰত আকৰ্ষিত হৈ গোপীসকলে বৃন্দাবনলৈ ঢপলিয়াই আহে
- মূলতঃ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলাই এই নাটৰ উপজীব্য।
ৰুক্মিণী হৰণ
- ৰুক্মিণী হৰণ নাটখন ভাগৱতৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল
- পিতাক ভীষ্মই কন্যা ৰুক্মীণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল যদিও জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে
- ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে
- ভাতৃ শিশুপালক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱাই নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ'ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে
- এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে।
পাৰিজাত হৰণ
- ভাগৱত আৰু হৰিবংশৰ মূলৰ পৰা পাৰিজাত হৰণ নাটখনি ৰচনা কৰিছিল
- এদিন নাৰদে শ্ৰীকৃষ্ণক এপাহ পাৰিজাত ফুল অৰ্পণ কৰে
- ৰুক্মীণীয়ে ফুলপাহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত কৃষ্ণই ফুলপাহ ৰুক্মীণীৰ খোপাত পিন্ধাই দিয়ে। কৃষ্ণৰ সেই কাৰ্য্যত ইৰ্ষাম্বিত হৈ আন এগৰাকী পত্নী সত্যভামাই কিদৰে ইন্দ্ৰপত্নী শচীৰ পৰা পাৰিজাত ফুল হস্তগত কৰি তাক আনি নিজৰ কোঠাৰ কাষতে ৰুৱে আৰু ৰুক্মীণীক হেয় জ্ঞান কৰি নিজকে কৃষ্ণৰ প্ৰিয় পত্নী বুলি প্ৰতিপন্ন কৰিব খুজিছে তাকেই ইয়াত দেখুওৱা হৈছে।
ৰাম বিজয়
- ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে ৰাম নিজয় নাট ৰচনা কৰিছিল
- কেনেকৈ ৰামে হৰধনু ভাঙি সীতাক লাভ কৰে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামক যুদ্ধত পৰাস্ত কৰে এই সমস্ত ঘটনাৱলীয়ে এই নাটৰ মূল আধাৰ।
বৰগীত (২৩৪টা বৰগীতৰ ভিতৰত ৩৫ টাহে পোৱা যায়)
- ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা)
- টোটয়
- চপয়
নাম-প্ৰসঙ্গৰ গ্ৰন্থ
- কীৰ্তন
- গুণমালা