19 Jul 2023

Assam Govt. Jobs : অসম চৰকাৰৰ পুনৰ ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন, কোন বিভাগত কিমান পদ খালী চাওক

অসম চৰকাৰে অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত দিব ৩২,০০০ চাকৰিৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে এই বিষয়ে টুইটযোগে জনোৱা হয়। টুইটত উল্লেখ থকা মতে, ১ লাখ নিযুক্তিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে আৰু এখোজ আগুৱাই চৰকাৰখনে পুনৰ ৩২,০০০ চাকৰিৰ বাবে বিজ্ঞাপন দিব।

Assam Govt. Jobs


নিৰ্ধাৰণ কৰি দিয়া তাৰিখ ১০ ছেপ্টেম্বৰত গৃহ বিভাগত ৪,০৯৭টা, স্বাস্থ্য বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১,১৭৬টা, তৃতীয় বৰ্গত ৭,০৭৩টা, চতুৰ্থ বৰ্গত ৪,৯৩৯ টাসহ মুঠ ৩২,৬৮৯টা পদত বিজ্ঞাপন দিয়া হয়।

Assam Govt. New Vacancy

Govt of Assam, as per the commitment of HCM Dr Himanta Biswa Sarma, is steadfast in its goal to provide 1 lakh govt jobs to the youth of the State.

Over 32,000 posts will be advertised within September 10, 2023 to go over and beyond the promise of 1 lakh jobs.

  • Home Dept.: 4097
  • Health & FW: 5105
  • Education: 10299
  • P&RD: 1176
  • Grade-III: 7073
  • Grade-IV: 4939